আশা আৰু সেৱাৰ ৭১ বছৰ: অসম শিশু কল্যাণ সদনৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

জালুকবাৰী, গুৱাহাটী: অসমৰ এটি অগ্ৰণী শিশু কল্যাণমূলক অনুষ্ঠান ‘অসম শিশু কল্যাণ সদন’ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি জালুকবাৰীস্থিত সদনৰ প্ৰাংগণত অতি উলাহ-মালহেৰে উদযাপন কৰা হয়।

সদনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, আমন্ত্ৰিত অতিথি বৃন্দ, কৰ্মচাৰীসকল আৰু সদনৰ কনকন শিশুসকলৰ উপস্থিতিত এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈ উঠে। কাৰ্যসূচী অনুসৰি পুৱা সদনৰ পতাকা উত্তোলন কৰাৰ পাছতে যোৱা সাতটা দশক ধৰি হাজাৰ হাজাৰ শিশুক আশ্ৰয় আৰু মৰম প্ৰদান কৰি অহা অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

দিনটোৰ মূল আকৰ্ষণ আছিল সদনৰ শিশুসকলে পৰিৱেশন কৰা এক বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান। পৰম্পৰাগত সাজ-পাৰ পিন্ধি শিশুসকলে সমবেত সংগীত আৰু নৃত্য প্ৰদৰ্শন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। এই অনুষ্ঠানে সদনৰ শিশুসকলৰ সৰ্বাংগীণ বিকাশ আৰু সাংস্কৃতিক চৰ্চাৰ দিশটো সুন্দৰকৈ প্ৰতিফলিত কৰে।

সভাত উপস্থিত থকা বক্তাসকলে সদনৰ জন্মলগ্নৰ পৰা বৰ্তমানলৈকে অতিক্ৰম কৰা গৌৰৱোজ্জ্বল যাত্ৰাৰ কথা সুঁৱৰণ কৰে। আৰ্তজনৰ সেৱা আৰু শিশুক উপযুক্ত শিক্ষা-দীক্ষাৰে মানুহ কৰি তোলাৰ যি সংকল্প, তাক আগবঢ়াই নিবলৈ সকলোৱে দায়বদ্ধতা প্ৰকাশ কৰে। এই শুভক্ষণত সদনৰ তৰফৰ পৰা সকলো দাতা আৰু শুভাকাংক্ষীক তেওঁলোকৰ নিৰন্তৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হয়।

৭১ বছৰ অতিক্ৰম কৰি ৭২ বছৰত ভৰি দিয়াৰ এই ক্ষণত অসম শিশু কল্যাণ সদনে “শিশুৰ সেৱাই ঈশ্বৰৰ সেৱা” মূলমন্ত্ৰৰে আগুৱাই যাবলৈ পুনৰ সংকল্প গ্ৰহণ কৰিছে।

Celebrating 71 Years of Care and Hope: Assam Sishu Kalyan Sadan Observes its 71st Establishment Day

17th March 2026, Guwahati, Jalukbari:
Assam Sishu Kalyan Sadan, a premier socio-philanthropic organization dedicated to the welfare of children, celebrated its 71st Establishment Day with great enthusiasm and solemnity at its Jalukbari premises.

The event was graced by the members of the management committee, distinguished guests, dedicated staff, and the spirited children of the Sadan. The celebration began with the hoisting of the organizational flag, followed by a floral tribute to the founders whose vision has provided a safe haven for thousands of children over the last seven decades.

The highlight of the day was a vibrant cultural program performed by the children of the Sadan. Dressed in traditional attire, the children showcased their talents through chorus singing and traditional dances, reflecting the institution’s commitment to holistic development and cultural rootedness.

Addressing the gathering, the speakers highlighted the journey of the Sadan since its inception and reaffirmed the mission to provide education, healthcare, and a nurturing environment to children in need. On this auspicious occasion, the Sadan expressed its heartfelt gratitude to all donors, well-wishers, and the community for their unwavering support.

As we step into our 72nd year, Assam Sishu Kalyan Sadan remains committed to its motto of “Service to Children is Service to God.”